গোলাঘাট, ০৪ ডিছেম্বৰ (হি.স.): গোলাঘাট জিলা ক্ৰীড়াসন্থাই শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা জি ডি এছ এ কাপ আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখন গোলাঘাট ষ্টেডিয়ামত কালি নৈশলোকত আৰম্ভ হয়। এন আৰ এল দুই কোটি টকাৰ আৰ্থিক সাহাৰ্য্যৰে শুশোভিত কৰি তোলা ফ্লাডলাইটৰ তলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আৰম্ভনিতে লাইট জ্বলাই শুভ উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে।
ইয়াৰ পূৰ্বে ভাৰতীয় ফুটবল ফেডাৰেচন, অসম ফুটবল সন্থা আৰু গোলাঘাট জিলা ক্ৰীড়াসন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ড৹ কাংগাম ব্ৰহ্ম, অসম ফুটবল সন্থাৰ উপ সভাপতি শান্তনু পূজাৰী আৰু ডা৹ অজিত বৰুৱাই। ইয়াৰ পিছতে প্ৰতিযোগিতাৰ বাবে প্ৰদান কৰা অজিত বৰুৱা সোঁৱৰণী বঁটা আৰু ভাৰ্গব কলিতা সোঁৱৰণী বঁটাৰ দাতা জুছমি বৰুৱা আৰু সীমান্ত কলিতাক সম্বৰ্ধনা জনোৱা হয়।
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন, এন আৰ এলৰ মুখ্য মহা প্ৰৱন্ধক কাজল শইকীয়া, আৰক্ষী অধীক্ষক ৰাজেন সিং ১৪২ চি আৰ পি এফৰ কামাণ্ডেণ্ট সন্তোষ সিংহ আদি বিশিষ্ট ব্যক্তি আৰু ক্ৰীড়ামোডী ৰাইজৰ উপস্থিতিত পৰিবেশন কৰা হয় আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠান । অনুষ্ঠানটোৰ আঁত ধৰে ক্ৰীড়া সংগঠক পৰীক্ষিত দত্ত আৰু অজয় ভৰালীয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব অহা ১০ ডিচেম্বৰত।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
