গোলাঘাট,০২ ডিচেম্বৰ(হি.স.)। আজি চ্যুকাফা দিৱস৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত টাই আহোম ছাত্ৰ সন্থা আৰু টাইপাৰ উদ্যোগত উদযাপন কৰা হৈছে চ্যুকাফা দিৱস৷
পুৱা পতাকা উত্তোলন কৰাৰ লগতে আহোম জনগোষ্ঠীৰ পূজা পাঠ কৰি স্বৰ্গদেউ চাউলুং চ্যুকাফাক স্মৰণ কৰে৷ তাৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা অনুস্থিত কৰা হয়৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.
