লাডাখ, ০২ ডিচেম্বৰ (হি.স.)। শনিবাৰে পুৱা লাডাখত লঘু ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ তীব্ৰতা কম হোৱাৰ বাবে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি লাডাখত পুৱা ৮.২৫ বজাত ৩.৪ ৰিখটাৰ স্কেলৰ মৃদু কম্পন অনুভৱ কৰা হয়। ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰস্থল ৩৫.৪৪ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৭৭.৩৬ ডিগ্ৰী পূৱ দ্ৰাঘিমাংশ আছিল।
হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ
