
গোলাঘাট, ০২ ডিছেম্বৰ (হি স)। গোলাঘাট জিলাৰ বৰপথাৰৰ ছেৱাগুৰি মাজুলীচুকত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃত যুৱকজনৰ নাম গৌৰৱজ্যোতি বৰা বুলি জানিব পৰা গৈছে ৷
ঘৰলৈ যোৱা পথতেই উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহটো ৷ যুৱকজনৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ ইফালে মৃতদেহৰ প্ৰায় ৫০ মিটাৰ নিলগত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ বাইকখন ৷ যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
