নতুন দিল্লী, ০১ ডিছেম্বৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ পেট্ৰলিয়াম কোম্পানীসমূহে শুকুৰবাৰে বিমান টাৰ্বাইন ইন্ধনৰ (এটিএফ) মূল্য ৪.৬ শতাংশ হ্ৰাস কৰে। আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।
ৰাজহুৱা খণ্ডৰ পেট্ৰলিয়াম কোম্পানীসমূহৰ অধিসূচনা অনুসৰি ৰাজধানী দিল্লীত প্ৰতি কিলোলিটাৰত এটিএফৰ মূল্য ১,০৬,১৫৫.৬৭ টকালৈ হ্ৰাস পাইছে, যিটো পূর্বে ১,১১,৩৪৪.৯২ টকা আছিল। ইয়াৰ পূৰ্বে দীপাৱলীৰ পূৰ্বে পেট্ৰলিয়াম কোম্পানীসমূহে প্ৰতি কিলোলিটাৰত ৬,৮৫৪.২৫ টকা অৰ্থাৎ ৫.৮ শতাংশ এটিএফৰ মূল্য হ্ৰাস কৰিছিল।
উল্লেখযোগ্য যে চৰকাৰী মালিকানাধীন ৰাজহুৱা খণ্ডৰ তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (আই অ’ চি), ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড (বি পি চি এল) আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডে পূৰ্বৰ গড় আন্তঃৰাষ্ট্ৰীয় মূল্যৰ ভিত্তিত প্ৰতি মাহৰ ১ তাৰিখে এ টি এফ দাখিল কৰে মূল্য সংশোধন কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
