নতুন দিল্লী, ০১ ডিছেম্বৰ (হি.স.)। ছয়বাৰৰ এছিয়ান চেম্পিয়নশ্বিপৰ পদক বিজয়ী শিৱ থাপা (৬৩.৫ কেজি), অমিত পাংঘল (৫১ কেজি) আৰু সাগৰ (৯২ কেজি)-এ শ্বিলঙত অনুষ্ঠিত হৈ থকা সপ্তম এলিট পুৰুষৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে।
অসমক প্ৰতিনিধিত্ব কৰি যোৱা সংস্কৰণৰ স্বৰ্ণ পদক বিজয়ী শিৱই নিজৰ অভিজ্ঞতা প্ৰদৰ্শন কৰি মহাৰাষ্ট্ৰৰ হৰিবংশ টাৱাৰীৰ বিৰুদ্ধে ৫-০ৰ নিখুঁত স্ক’ৰেৰে সুন্দৰ জয়লাভ কৰে। ফাইনেলত শিৱই এছএছচিবি (চাৰ্ভিচেজ স্পোৰ্টচ কন্ট্ৰোল বোৰ্ড) ৰ বংশজৰ সৈতে মুখামুখি হ’ব ।
আনহাতে, এছ এছ চি বিক প্ৰতিনিধিত্ব কৰা অমিত পাংঘলৰ মুখামুখি হৈছিল আৰ এছ পি বি (ৰেলৱে স্প’ৰ্টছ প্ৰমোচন ব’ৰ্ড)ৰ অংকিত। সমগ্ৰ খেলখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছিল যদিও অতি অভিজ্ঞ ২৮ বছৰীয়া পাংঘলে খেলৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত নিজৰ স্থিৰতা বজাই ৰাখি প্ৰতিপক্ষক ৫-২ ব্যৱধানৰ সিদ্ধান্তৰে পৰাস্ত কৰে। ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী পাংঘলে এতিয়া ফাইনেলত মুখামুখি হ’ব চণ্ডীগড়ৰ অংশুল পুনিয়াৰ সৈতে।
আন এক ৰোমাঞ্চকৰ খেলত আৰ এছ পি বিক প্ৰতিনিধিত্ব কৰা সাগৰে ছেমি ফাইনেলৰ খেলখনত দিল্লীৰ বিশাল কুমাৰৰ সৈতে মুখামুখি হয়। সাগৰে নিজৰ দক্ষতা আৰু শক্তিশালী প্ৰহাৰেৰে মেচখনত আধিপত্য বিস্তাৰ কৰি ৫-০ ব্যৱধানত জয়লাভ কৰে। ২০২২ চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ীগৰাকীয়ে স্বৰ্ণ পদক মেচত মুখামুখি হ’ব পঞ্জাৱৰ জয়পাল সিঙৰ।
বিজয়ৰ ধাৰা আৰু অধিক সংযোজন কৰি ২০২১ চনৰ এছিয়ান চেম্পিয়ন এছ এছ চি বিৰ সঞ্জীতে (৯২ কেজি) তেওঁৰ প্ৰতিদ্বন্দ্বী এ আই পি (অখিল ভাৰতীয় আৰক্ষী)ৰ ভিকিক পৰাস্ত কৰে। সঞ্জীতে নিজৰ খেলৰ শীৰ্ষত আছিল আৰু সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈ জয়ী হৈছিল। ফাইনেলত সঞ্জীতে হাৰিয়ানাৰ নবীন কুমাৰৰ বিৰুদ্ধে খেলিব।
ফাইনেলত যোগ্যতা অৰ্জন কৰা এছ এছ চি বিৰ আন বক্সাৰসকলৰ ভিতৰত আছে বৰুণ সিং (৪৮ কেজি), পৱন (৫৪ কেজি), শচীন (৫৭ কেজি), আকাশ (৬০ কেজি), বংশজ (৬৩.৫ কেজি), ৰজত (৬৭ কেজি), আকাশ (৭১ কেজি), দীপক (৭৫ কেজি), লক্ষ্য (৮০ কেজি) আৰু জুগ্নু (৮৬ কেজি)।
চলি থকা ৭ম এলিট পুৰুষ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত ১২টা পদক লাভ কৰি পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছে এছ এছ চি বিয়ে।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ/অৰবিন্দ
