গাজাপট্টী, ০১ ডিছেম্বৰ (হি.স.)। গাজাপট্টীত ৭ দিনীয়া যুদ্ধবিৰতিৰ পিছত আজি (শুকুৰবাৰে) পুৱা পুনৰ আৰম্ভ হয় যুদ্ধ। ইজৰাইলে পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে এক বিবৃতিত কয় যে হামাছে যুদ্ধ বিৰতি উলংঘা কৰি ইজৰাইলৰ ভূখণ্ডৰ ফালে গুলীচালনা কৰে। ইয়াৰ পিছত আইডিএফে গাজাত সন্ত্ৰাসবাদী সংগঠন হামাছৰ বিৰুদ্ধে পুনৰ যুদ্ধ আৰম্ভ কৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
