মানকাচৰ, ০১ ডিছেম্বৰ (হি.স.): মানকাচৰৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া গোপন সূত্ৰৰ ওপৰত ভিত্তি কৰি এএছ ১৮ চি ৭৮০৬ নম্বৰৰ মানকাচৰ অভিমুখে থকা যাত্ৰীবাহী বাছখনত সোণাপুৰ পাগলাৰতলৰ মূল পথত তালাচী অভিযান চলায় । উক্ত বাছখনত তালাচীৰ সময়ত ১৫০ টা সন্দেহযুক্ত ট্ৰাইপলিডিন হাইড্ৰক্লৰাইড আৰু ক’ডেইন ফছফেট চিৰাপ ১৫০ বটল আৰু ট্ৰেমাডল হাইড্ৰক্লৰাইড এচিটামিনোফেন ডাইচাইলোমাইন হাইড্ৰক্লৰাইড কেপচুল SAMPEX মুঠ ৪৩২০ নং উক্ত স্থানতে আৰক্ষীয়ে জব্দ কৰে ।
আৰক্ষীয়ে তালাচী চলাই নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰা মানকাচৰ পূবেৰ গাওঁ দ্বিতীয় খণ্ড গাঁৱৰ তয়বৰ ৰহমান নামৰ লোকজনৰ পুত্ৰ মুছা ইছলাম (মুছাৰদৰ ) নামৰ ড্ৰাগছ কঢ়িয়াই অনা অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
