• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > মহাৰাসৰ সফল সমাপ্তিৰ নিজম পৰিল মাজগাঁও বৰনামঘৰ
Entertainment

মহাৰাসৰ সফল সমাপ্তিৰ নিজম পৰিল মাজগাঁও বৰনামঘৰ

CliQ INDIA
Last updated: December 1, 2023 1:00 am
CliQ INDIA
Share
3 Min Read
SHARE

শোণিতপুৰ, ৩০ নৱেম্বৰ (হি.স.)। গুৰুজনাৰ অমৰ সৃষ্টি এই কেলি গোপাল নাটৰ জৰিয়তে ভগৱান আৰু ভক্তৰ মাজৰ প্ৰেম বান্ধোনৰ সম্পৰ্কক আধ্যাত্মিকভাবে দৰ্শোৱা এক উৎসৱ ৰাসক্ৰীড়া তেজপুৰৰ গাতে লাগি থকা মাজগাঁও বৰ নামঘৰত ৰাসৰ সফল সমাপ্তি ঘটে। পূৰ্ণিমাৰ বিতোপন নিশাৰ জোনাকত ভগৱান শ্ৰীকৃষ্ণৰ এই ৰাসলীলাৰ প্ৰথম নিশা শ্ৰী কৃষ্ণৰ ভাওত ভাৰ্গৱ কলিতা আৰু অৰ্পন দত্ত বৰুৱা বিপৰীতে ৰাধাৰ ভাওত সুদৰ্শনা কলিতা আৰু পৰিশ্মিতা দাস অভিনয় কৰে । প্ৰথম নিশা মূল নাটৰ প্ৰাকক্ষণত ময়ূৰ কাঞ্চন বৰা ৰচিত আৰু বিশিষ্টা নৃত্য শিল্পী মিতালী দত্ত বৰঠাকুৰৰ পৰিচালনাত মঞ্চায়ন হয় মধুৰু মুৰ্তি মুৰাৰো ।

ন-পুৰণি দুকুৰিৰো অধিক শিশু – কিশোৰীয়ে অংশ লোৱা নৃত্য নাটিকাত গীতে মাতে সজাই তোলে প্ৰীতম নাথ, মৰমী কলিতা, তমন্না তামুলীয়ে, বাদ্য যন্ত্ৰত সংগত কৰে যোগেন হাজৰিকা, ৰূপম কাকতি, হীৰকজ্যোতি নাথ, চন্দন প্ৰতীম বৰা আৰু ঘোষক ভাওনা শিল্পী সত্যজিত ভূঞাই। পষেক জোৰা প্ৰস্তুতিৰে আজি পুৱতি নিশা সামৰণি পৰা ৰাস মাজগাঁও বৰনামঘৰত ১৯৯৩ ৰ পৰা মহাৰাস অনুষ্ঠিত হৈ আহিছে। ১৮ শতিকাৰ শেষ ভাগত স্থাপিত মাজগাঁও বৰনামঘৰৰ মহা ৰাস উদযাপনৰ বাবে পৰিচালনা সমিতিয়ে নামঘৰ চৌহদত সজাই পৰাই তোলা হয়। মাজগাঁও গোপিনী সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা ৰাসৰ প্ৰথম দিনা পুৱা নাম প্ৰসংগ কৰাৰ লগতে বিয়লি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ অতিৰিক্ত আয়ুক্ত কৰবী কাকতি কোঁৱৰে।

ইফালে অসম চৰকাৰে আগবঢ়োৱা পঁচিশ হাজাৰ টকাৰ নামঘৰত উপস্থিত হৈ চেক প্ৰদান কৰি সাংসদ পল্লৱ লোচন দাসে গুৰুজনাৰ সৃষ্টিৰাজিৰ মাজৰে কৃষ্টি জীয়াই ৰখাৰ আহ্বান জনায়। সমাজ এখন সু পৰিচালনা আৰু ধৰি ৰখাত নামঘৰৰ অনবদ্য অৰিহণা থকা বুলি কয়। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবেলি ৰাস সমিতি সমুহক অনুদান আগবঢ়োৱা বুলি কয়। ইফালে দ্বিতীয় নিশা মহাৰাসত শ্ৰী কৃষ্ণৰ ভাওত উদয় কলিতা আৰু প্ৰিয়ংকা শইকীয়া, পুতনাৰ ভাওত পাপু, মোহিনী তৃপ্তিটিনা তামুলী, সৰু কৃষ্ণ সুকন্যা দাস, বক চৰাই উমা কান্ত বৰা, শংখচূড় নিলভ শইকীয়া আৰু সুত্ৰধাৰী যাদব চন্দ্ৰ নাথে অভিনয় কৰে ।

ইপিনে পোহৰত প্ৰদীপ ডেকা, শব্দত ভাইটি ভৰালী দৃশ্য সজ্জাত উমাকান্ত বৰাই নামঘৰ সজাই পৰাই তোলা দৃশ্যই উপস্থিত ৰাইজক আপ্লুত কৰে। এই নাট পৰিচালনা কৰে গনেশ বৰুৱাই। অঞ্চলটোৰ প্ৰায় ডেৰশ গোপীয়ে অংশ গ্ৰহন কৰি নামঘৰ চৌহদ ভক্তিমূলক নৃত্য গীতৰে মুখৰিত কৰি তোলা পৰিবেশে উজাগৰী নিশা কটোৱা সহস্ৰাধিক ৰাইজে সন্তোষ প্ৰকাশ কৰে।

এই অনুষ্ঠানতে নামঘৰ পৰিয়ালৰে নিতুল বৰাই সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদকৰ পদত অধিষ্ঠিত হোৱাৰ বাবে প্ৰথম দিনা নামঘৰত আশীষ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ

You Might Also Like

ভৈইলী আৰু দেউচী গীতেৰে মুখৰিত হৈ পৰিল শোণিতপুৰৰ খনামুখ | BulletsIn
মকৰ সংক্ৰান্তি উপলক্ষে ‘নাগিন’ ছবিখনৰ চিত্ৰনাট্যৰ আভাস দেখুৱালে নিখিল দ্বিবেদীয়ে | BulletsIn
'কিউকি সাছ ভি কভি বহু থি ২' শীঘ্ৰে অন্ত পৰাৰ উৰাবাতৰিৰ মাজতে মৌনতা ভাঙিলে হিতেন তেজৱানীয়ে
‘ভূল চূক মাফ’ ছবিখন দৰ্শকে বৰ ভাল পাইছে, উপাৰ্জন বাঢ়িল | BulletsIn
ভাৰতীয় চিনেমাৰ বিদ্ৰোহী ভি শান্তৰামৰ চৰিত্ৰত অভিনয় কৰিব সিদ্ধান্ত চতুৰ্বেদীয়ে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গোলকগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত এজন আহত
Next Article প্ৰধানমন্ত্ৰীৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?