ধুবুৰী,৩০ নৱেম্বৰ(হি.স.)। ধুবুৰী জিলাৰ গোলকগঞ্জত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত গুৰুতৰ ভাবে আহত হয় এগৰাকী ই-ৰিক্সা যাত্ৰী। এএছ ১৭ কে৫০২৭ এখন স্কৰৰ্পীয় বাহনে তীব্ৰ গতিত খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা দুৰ্ঘটনা গ্ৰস্থ ই-ৰিক্সা খনক। ফলত গুৰুতৰ ভাবে আহত হয় ই-ৰিক্সাৰ এজন যাত্ৰী।
আহত যাত্ৰী গৰাকীৰ নাম হালাকুৰাৰ কুৰবান আলী বুলি জানিব পৰা গৈছে। গোলকগঞ্জৰ সোনাখুলীত সংঘটিত হয় এই পথ দুৰ্ঘটনা। ছাগলীয়াৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল চাৰিচকীয়া বাহন খন। ঘটনাস্থলীত আগমনি আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত প্ৰাথমিক চিকিৎসাৰ বাবে আগমনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যাত্ৰী জন । যাত্ৰী গৰাকীৰ অৱস্থা অতি সংকটজনক।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
