নতুন দিল্লী, ৩০ নৱেম্বৰ (হি.স.)। হকী ইণ্ডিয়াই আজি বৃহস্পতিবাৰে অহা ১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ স্পেইনৰ ভেলেন্সিয়াত অনুষ্ঠিত হ’বলগীয়া ৫খন দেশৰ প্ৰতিযোগিতাখনৰ বাবে ২৪ জনীয়া ভাৰতীয় পুৰুষৰ হকী দল ঘোষণা কৰে।
৫খন দেশৰ এই প্ৰতিযোগিতাত আয়োজক স্পেইন, জাৰ্মানী, ফ্ৰান্স আৰু বেলজিয়ামৰ বিৰুদ্ধে ভাৰতে খেলিব, যিয়ে ২০২৩-২৪ বৰ্ষৰ এফ আই এইচ হকী প্ৰ’ লীগৰ খেলৰ পূৰ্বে প্ৰস্তুতিৰ কাম কৰিব।
অভিজ্ঞ আৰু নৱ মুখৰ মিশ্ৰণেৰে ২৪ জনীয়া দলটোৰ নেতৃত্ব দিব শীৰ্ষ ড্ৰেগ ফ্লিকাৰ হৰমনপ্ৰীত সিঙে। এই ভ্ৰমণৰ বাবে সুমিত আৰু অমিত ৰোহিদাসক হৰমনৰ ডেপুটি হিচাপে নিৰ্বাচিত কৰা হৈছে।
দল নিৰ্বাচন সন্দৰ্ভত ভাৰতীয় পুৰুষ হকী দলৰ মুখ্য প্ৰশিক্ষক ক্ৰেগ ফুলটনে কয়, যুৱ আৰু অভিজ্ঞতাৰ ভাল মিশ্ৰণেৰে আমি সুষম দল লৈ গৈ আছো। প্ৰতিযোগিতাখনে আমাক বিভিন্ন কথাৰ লগত খাপ খুৱাবলৈ চেষ্টা আৰু খাপ খুৱাবলৈ এক সুন্দৰ মঞ্চ প্ৰদান কৰিব । ইয়াৰ উপৰিও যুৱ খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে বিশ্বৰ শীৰ্ষ দলসমূহৰ সন্মুখীন হোৱাৰ হেঁচা অনুভৱ কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিব।’
তেওঁ কয় যে অহা সাত মাহ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, পেৰিছ ২০২৪ অলিম্পিকৰ পূৰ্বে আমাৰ বহু মেচ খেলিবলগীয়া আছে আৰু আমি এটা প্ৰক্ৰিয়া অনুসৰণ কৰি খোজৰ পিছত খোজ দি ধাপে ধাপে আগবাঢ়ি যোৱাটো অতি গুৰুত্বপূৰ্ণ।
আগন্তুক ৫ ৰাষ্ট্ৰৰ প্ৰতিযোগিতাৰ বাবে ভাৰতীয় পুৰুষ হকী দল তলত দিয়া ধৰণৰ-
গ’লৰক্ষক- পি আৰ শ্ৰীজেশ, কৃষ্ণ বাহাদুৰ পাঠক, সুৰজ কাৰ্কেৰা।
ডিফেণ্ডাৰ- জাৰ্মানপ্ৰীত সিং, জুগ্ৰাজ সিং, অমিত ৰোহিদাস (উপ অধিনায়ক), হৰমনপ্ৰীত সিং (অধিনায়ক), বৰুণ কুমাৰ, সুমিত (উপ অধিনায়ক), সঞ্জয়, নীলম সঞ্জীপ জেছ।
মিডফিল্ডাৰ- যশদ্বীপ ছিৱাচ, বিবেক সাগৰ প্ৰসাদ, নীলকন্ঠ শৰ্মা, ৰাজকুমাৰ পাল, শমশ্বেৰ সিং, ৰবিচন্দ্ৰ সিং মইৰাংথেম।
ফৰৱাৰ্ড- মনদ্বীপ সিং, অভিষেক, সুখজীত সিং, ললিত কুমাৰ উপাধ্যায়, কাৰ্তি চেলভাম, দিলপ্ৰীত সিং, আকাশদীপ সিং।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
