বৰপেটা, ৩০ নৱেম্বৰ (হি.স.): বৰপেটা জিলাৰ সৰ্থেবাৰীৰ থানাৰ আন্তৰগত কমলাবাৰী গাঁৱত চোৰৰ তাণ্ডৱ বিৰাজ কৰিছে। চুৰি কাৰ্যত জড়িত থকাৰ সময়তে কমলাবাৰীত হুমায়ুন নামৰ চোৰটোক কৰায়ত্ত কৰা হয়। ঘৰত মানুহ নথকাৰ সুযোগ লৈ দুধৰ্ষ ড্ৰাগছ মাফিয়া হুমায়ুনে চুৰি কাণ্ড সংঘটিত কৰে ।
প্ৰাপ্ত তথ্য়মতে পূৰ্বেও এনে চুৰি কাণ্ডত জড়িত আছিল হুমায়ুন। যোৱাকালি সন্ধিয়া ৰাইজে কৰায়ত্ব কৰি সৰ্থেবাৰী আৰক্ষীক চমজাই দিয়ে। ধৃত হুমায়ুন উত্তৰ কমলাবাৰীৰ ৰিয়াজ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
