শ্বাহৰুখ খান, ছৈফ আলী খান আৰু প্ৰীতি জিন্তা অভিনীত ‘কল হো না হো’ৰ আজি ২০ বছৰ সম্পূৰ্ণ হ’ল। ২০০৩ চনৰ ২৮ নৱেম্বৰত মুক্তি লাভ কৰে ছবিখন। এই ছবিখনে সকলোৰে মনত এক বেলেগ যাদু নিক্ষেপ কৰিলে। প্ৰতিটো চৰিত্ৰই দৰ্শকে অতিশয় ভাল পাইছিল।
কৰণ জোহৰে এই ছবিখনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ ভিডিঅ’ৰ ৰূপত শ্বেয়াৰ কৰি পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিছে। ভিডিঅ’টোত অমন মাথুৰৰ নেইনাৰ প্ৰতি থকা প্ৰেম, তেওঁলোকৰ বন্ধুত্ব, ৰোহিত পেটেল আৰু নাইনাৰ বিবাহ, পৰিয়ালৰ মাজৰ প্ৰেম। কৰণে লিখিছে, “এই ছবিখনৰ সমগ্ৰ যাত্ৰা মোৰ বাবে অতি আৱেগিক আছিল। আজি বহু বছৰ পাৰ হৈ গ’লেও সকলোৰে মনত সতেজ হৈ পৰিছে ‘কল হো না হো’ৰ স্মৃতি। উন্নত কাহিনী, শক্তিশালী অভিনয় এই ছবিখনত সকলো আছিল। কেৱল অভিনেতা-অভিনেত্ৰীলৈ নহয় এই ছবিখনৰ বাবে কেমেৰাৰ আঁৰত কাম কৰা সকলোকে ডাঙৰ অভিনন্দন…”
অৱশেষত কৰণে লিখিছে, “ধন্যবাদ নিখিল, পৰিচালক হিচাপে এইখন আপোনাৰ প্ৰথম ছবি আছিল আৰু ই আপোনাক আজীৱন টিকি থাকিব পৰাকৈ যথেষ্ট মৰম দিছিল। ইমান ধুনীয়া ছবি এখনৰ বাবে বহুত বহুত ধন্যবাদ!”
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
