নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। ভাৰতীয় দলৰ বিৰুদ্ধে চলিত টি-২০ ছিৰিজৰ বাকী মেচসমূহৰ বাবে অষ্ট্ৰেলিয়াই নিজৰ দলত পৰিৱৰ্তন সাধন কৰিছে। অষ্ট্ৰেলিয়াই টি-২০ দলৰ পৰা বিশ্বকাপ বিজয়ী ৬গৰাকী খেলুৱৈক জিৰণি দিয়াৰ সিদ্ধান্ত লৈছে।
ভাৰতৰ বিৰুদ্ধে চলি থকা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাকী তিনিখন মেচৰ পৰা ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল, এডাম জাম্পা, মাৰ্কাছ ষ্টয়নিছ, জোছ ইংলিছ আৰু শ্বেন এবটক জিৰণি দিয়া হৈছে। ক্ৰিকেট ডট কম এইউ (cricket.com.au)ৰ মতে, বিশ্বকাপ বিজয়ী ষ্টিভ স্মিথ আৰু এডাম জাম্পা আজি নিশা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন খেলৰ পূৰ্বে ইতিমধ্যে ঘৰলৈ উভতি অহাৰ বিপৰীতে কাইলৈ গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ, জোছ ইংলিছ আৰু শ্বেন এবট আটাইকেইজনেই উভতি আহিব।
উল্লেখযোগ্য যে পাঁচখন খেলৰ টি-২০ শৃংখলাত ভাৰতীয় দলটোৱে ২-০ ব্যৱধানত আগবাঢ়ি আছে ৷ আজি নিশা গুৱাহাটীত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন টি-২০ মেচ।
অষ্ট্ৰেলিয়াৰ দল: মেথিউ ৱেড (অধিনায়ক), জেছন বেহৰণডাৰ্ফ, টিম ডেভিদ, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, ক্ৰীছ গ্ৰীণ, এৰন হাৰ্ডি, ট্ৰেভিছ হেড, বেন মেকডৰমট, জোছ ফিলিপ, টানবীৰ সংঘ, মেট শ্বৰ্ট, কেন ৰিচাৰ্ডছন।
হিন্দুস্থান সমাচাৰ/বীৰেন্দ্ৰ/মনোজ
