পানাজী, ২৮ নৱেম্বৰ (হি.স.)। গোৱাত চলি থকা ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি (মঙলবাৰ) চেক গণৰাজ্যৰ ফৰাচী ভাষাৰ ছবি ‘এণ্ডলেছ ছামাৰ চিণ্ড্ৰম’ৰ এছিয়ান প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব। এই তথ্য যোৱা নিশা ইয়াত সংবাদ মাধ্যমক দিছিল ছবিখনৰ সহকাৰী প্ৰযোজক লিণ্ডচে টেইলৰ ষ্টুৱেৰ্টে।
তেওঁ কয়, এই ছবিখন ফৰাচী চিনেমাৰ প্ৰতি এক প্ৰকাৰৰ শ্ৰদ্ধাঞ্জলি। পৰিচালক কাৱেহ দনেশমন্দৰ বাৰ্তা দি তেওঁ কয় যে এই ছবিখনৰ ওপৰত লেখক বা পৰিচালকে নিজৰ মন্তব্য নিদিয়ে, বৰঞ্চ দৰ্শকে ছবিখনৰ বিষয়ে স্বয়ং অনুভৱ কৰক।
লিণ্ডচে টেইলৰ ষ্টুৱেৰ্টে কয় যে ছবিখনত এগৰাকী অধিবক্তা আৰু দুটা সন্তানৰ মাতৃৰ কাহিনী কোৱা হৈছে, যাৰ স্বামীৰ অবিশ্বাস্যতাৰ বিষয়ে অশুভ ফোন কল পোৱাৰ পিছত ফ্ৰান্সত তেওঁৰ আনন্দময় পাৰিবাৰিক জীৱনটো অস্থিৰ হৈ পৰে। পাৰিবাৰিক সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰি পাৰিবাৰিক নাটকৰ ধাৰাত জটিলতা আৰু সূক্ষ্মতা প্ৰদৰ্শন কৰা এখন ছবি।
অভিনেত্ৰী ফ্ৰেডেৰিকা মিলানোৱে কয় যে এই ছবিখনৰ মুখ্য চৰিত্ৰত এগৰাকী মহিলাই অভিনয় কৰিছে আৰু এই ছবিখনত মহিলাক পূৰ্বৰ দৰে চিত্ৰিত কৰা হোৱা নাই।
এই ছবিখনৰ মূল চৰিত্ৰ আদিয়াৰ কথা কওঁতে তেওঁ কয় যে আদিয়া এগৰাকী সৱল আৰু স্বাধীন মহিলা যিয়ে সমগ্ৰ পৰিয়ালটো নিজাববীয়াকৈ চম্ভালি থাকে। তেওঁ আশা কৰিছিল যে ‘এণ্ডলেছ ছামাৰ চিণ্ড্ৰম’ ছবিখনে আনকো অধিক নাৰীকেন্দ্ৰিক ছবি নিৰ্মাণৰ বাবে অনুপ্ৰাণিত কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
