নতুন দিল্লী, ২৬ নৱেম্বৰ (হি.স.)। ভাৰতত তীখাৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ষ্টীলমিণ্ট ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ২০৩০ চনৰ ভিতৰত ভাৰতৰ তীখাৰ চাহিদা ৭ শতাংশ যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰ(CAGR) বৃদ্ধিৰে ১৯ কোটি টন (মিলিয়ন টন) স্তৰ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। বজাৰ গৱেষণা সংস্থাটোৱে জনোৱা মতে, এই চাহিদাক বহুলাংশে ইন্ধন যোগাব নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডই, যিয়ে চাহিদাত ৬০-৬৫ শতাংশ অৰিহণা যোগায়।
বজাৰ গৱেষণা প্ৰতিষ্ঠানটোৰ মতে, ২০৩০ চনৰ ভিতৰত দেশত তীখাৰ চাহিদাই ২৩০ মেট্ৰিক টন স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। ‘ভাৰতৰ তীখা আৰু ককিং কয়লাৰ চাহিদা ২০৩০’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে অটো আৰু অভিযান্ত্ৰিকীৰ দৰে খণ্ডই চাহিদাত আধিপত্য বিস্তাৰ কৰিব। চাহিদা বৃদ্ধিৰ বাবে আন কাৰকসমূহৰ ভিতৰত জনসংখ্যা বৃদ্ধি, উত্থানশীল নগৰায়ন, আৰু একাধিক চৰকাৰী পদক্ষেপ আদি অন্যতম। লগতে কোৱা হৈছে যে, “শ্ৰেষ্ঠ পৰিস্থিতিত ২০৩০ চনৰ ভিতৰত ই ২৩০ মেট্ৰিক টন শক্তিও লাভ কৰিব পাৰে।”
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
