কামৰূপ, ২৬ নৱেম্বৰ (হি.স.): দক্ষিণ কামৰূপৰ সোণতলীত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ গোপন খৱৰৰ ভিত্তিত শনিবাৰে নিশা সোণতলী আৰক্ষীয়ে সেলেসুতিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় স্বাহজাহন আলী নামৰ এজন লোকক ৷
প্ৰাপ্ত তথ্য়মতে, নিজ ঘৰৰ ড্ৰাগছ পেকিং কৰি থকা অৱস্থাতে ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বাহজাহান আলীক ৷ স্বাহজাহান আলীৰ পৰা আৰক্ষীয়ে ৫৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে ৪.৩৭০ গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ সম্প্ৰতি সোণতলী আৰক্ষী চকীত স্বাহজাহান আলীক জেৰা অব্যাহত থকাৰ লগতে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য ইতিপূৰ্বে কেইবাৰো ড্ৰাগছসহ আটক হৈ জেললৈ গৈছিল স্বাহজাহান আলী ৷ জেলৰ পৰা ওলাই আহিয়েই ড্ৰাগছ ব্যৱসায় লিপ্ত হৈ পৰে স্বাহজাহান আলী ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
