• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ২৮ নৱেম্বৰৰ পৰা চৈয়দ মোডী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ
Sports

২৮ নৱেম্বৰৰ পৰা চৈয়দ মোডী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ

CliQ INDIA
Last updated: November 26, 2023 3:30 pm
CliQ INDIA
Share
3 Min Read
SHARE

লক্ষ্ণৌ, ২৬ নৱেম্বৰ (হি.স.)। চৈয়দ মোডী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ এইচ এছ বি চি ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৩০০ৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই চেম্পিয়নশ্বিপৰ মেচসমূহ অহা ২৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গোমতি নগৰত অৱস্থিত বাবু বানাৰসী দাস বেডমিণ্টন একাডেমীত অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশ বেডমিণ্টন এছ’চিয়েশ্যনে ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যন (বিএআই)ৰ তত্বাৱধানত আয়োজন কৰা এই চেম্পিয়নশ্বিপত খেলুৱৈসকলৰ মাজত মুঠ ২,১০,০০০ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ ধন বিতৰণ কৰা হ’ব।

উত্তৰ প্ৰদেশ বেডমিণ্টন সন্থাৰ অধ্যক্ষ বিৰাজসাগৰ দাস আৰু সভাপতি ড. নৱনীত ছেহগালৰ মতে, এইচ এছ বি চি ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৩০০ হিচাপে অনুষ্ঠিত হ’বলগীয়া এই চেম্পিয়নশ্বিপত ২৮ নৱেম্বৰত কোৱালিফাইং মেচ অনুষ্ঠিত হ’ব। সেইদিনা বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব মূল ড্ৰ’ মেচ। এই প্ৰতিযোগিতাত দৰ্শকক বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব।

সকলো ইভেণ্টতে ৮খনকৈ কোৱালিফাইং মেচ অনুষ্ঠিত হ’ব। তেওঁ কয় যে এই চেম্পিয়নশ্বিপত ১৮খন দেশৰ ২৫০ গৰাকী খেলুৱৈয়ে নিজৰ প্ৰত্যাহ্বান দাঙি ধৰিব। ইয়াৰ ভিতৰত ভাৰত, চীন, জাপান, মালয়েছিয়া, ডেনমাৰ্ক, টাইৱান, থাইলেণ্ড, জাৰ্মানী, ইংলেণ্ড, ইণ্ডোনেছিয়া, ছিংগাপুৰ, ইজৰাইল, কাজাখস্তান, অষ্ট্ৰেলিয়া, ফ্ৰান্স, শ্ৰীলংকা, পোলেণ্ড, ইৰাণ আদি দেশৰ খেলুৱৈও অন্তৰ্ভুক্ত। এই খেলুৱৈসকলৰ ভিতৰত বহু শীৰ্ষ ৰেংকিং খেলুৱৈয়েও প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এই চেম্পিয়নশ্বিপৰ ছেমি ফাইনেল আৰু ফাইনেল মেচসমূহ দূৰদৰ্শনত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব।

চেম্পিয়নশ্বিপৰ মূল ড্ৰ’ মেচত ভাৰতৰ এইচ এছ প্ৰণয় – বিশ্ব অষ্টম স্থান আৰু লক্ষ্য সেন – বিশ্ব ১৭ নং ৰেংকিং পুৰুষৰ একক শাখাত প্ৰত্যাহ্বান জনাব। খেলুৱৈসকলৰ বাবে কে ডি সিং বাবু ষ্টেডিয়াম আৰু গোমটিনগৰ বিজয়ন্ত খাণ্ড ষ্টেডিয়ামত অৱস্থিত বেডমিণ্টন ক’ৰ্টত অনুশীলনৰ সুবিধা প্ৰদান কৰা হৈছে। উত্তৰ প্ৰদেশ বেডমিণ্টন সন্থাৰ সম্পাদক সুধৰ্মা সিঙে কয় যে অহা ২৮ নৱেম্বৰৰ পুৱা ১০ বজাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেম্পিয়নশ্বিপ উদ্বোধন কৰিব। এই উপলক্ষে বিশেষ অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী বৃজেশ পাঠক আৰু উত্তৰ প্ৰদেশৰ ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী – স্বতন্ত্ৰ ভাৰপ্ৰাপ্ত গিৰীশ চন্দ্ৰ যাদৱ।

এই চেম্পিয়নশ্বিপৰ মূল ৰেফাৰী হ’ব বি ডব্লিউ এফৰ স্লোভেনিয়াৰ জোচেফ কুপ্ৰিভেক আৰু সহকাৰী ৰেফাৰী হ’ব ইষ্ট’নিয়াৰ আষ্টোভিজা লুজম’ই। তেওঁ কয় যে এই চেম্পিয়নশ্বিপৰ কোৱালিফাইং মেচত উত্তৰ প্ৰদেশৰ সমৃদ্ধি সিং, সোণালী সিং, আয়ুষ আগৰৱালা, শ্ৰুতি মিশ্ৰই প্ৰত্যাহ্বান দাঙি ধৰিব।

শীৰ্ষ ৰেংকিং পুৰুষৰ একক খেলুৱৈ-

এইচ.এছ. প্ৰণয় (ভাৰত) বি ডব্লিউ এফ ৰেংকিং ৮

নিছিমোটো কেন্টা (জাপান) বি ডব্লিউ এফ ৰেংকিং ১২

টিয়েন চেন চাও (চীনা টাইপেই) বিডব্লিউএফ ৰেংকিং ১৩

লক্ষ্য সেন (ভাৰত) বি ডব্লিউ এফ ৰেংকিং ১৭

শীৰ্ষ ৰেংকিং মহিলা একক খেলুৱৈ-

চোচুৱং পোৰ্ণপাভী (থাইলেণ্ড) বিডব্লিএফ ৰেংকিং ১৩

কেটেথোংগ ছুপানিদা (থাইলেণ্ড) বিডব্লিএফ ৰেংকিং ১৫

ওহৰি অয়া (জাপান) বিডব্লিএফ ৰেংকিং ১৬

অংবামৰুংফান বুছানান (থাইলেণ্ড) বিডব্লিউএফ ৰেংকিং ১৭

শীৰ্ষ ৰেংকিং পুৰুষৰ ডাবলছ খেলুৱৈ-

কোগা আকিৰা আৰু চাইটো টাইচি (জাপান) বিডব্লিউএফ ৰেংকিং ১৬

শীৰ্ষ ৰেংকিং মহিলা ডাবলছ খেলুৱৈ-

লেন বেন আৰু ৱেণ্ডী শ্বাউন (ইংলেণ্ড) বি ডব্লিউ এফ ৰেংকিং ২১

হিন্দুস্থান সমাচাৰ/উপেন্দ্ৰ/মনোজ/অৰবিন্দ

You Might Also Like

আয়াৰলেণ্ড আৰু নেদাৰলেণ্ড মহিলা টি-২০ বিশ্বকাপ গ্ল’বেল কোৱালিফায়াৰৰ বাবে যোগ্যতা অৰ্জন
বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ ২০২৫: অন্তিম পাংঘলে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতক প্ৰদান কৰিলে প্ৰথমটো পদক
মন কী বাতঃ প্ৰধানমন্ত্ৰীয়ে কয়- খেলো ভাৰত নীতিৰ লক্ষ্য ভাৰতক ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলা
ফিফা ক্লাব বিশ্বকাপ ২০২৫: ৰিয়েল মাদ্রিদে ১০ জন খেলুৱৈৰে ৩-১ গ’লত হৰুৱালে পাচুকাক
বিজয় হাজাৰে ট্ৰফীঃ মুম্বাইত একেৰাহে চতুৰ্থ জয়, পৰাজিত দিল্লী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দক্ষিণ শালমাৰাৰ পদ্মেৰ আলগাত দুই কোটি টকীয়া গৰাখহনীয়া প্ৰতিৰোধ আচঁনিৰ শুভ উদ্ধোধন
Next Article সোণতলী আৰক্ষীৰ সেলেসুতিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান, ধৃত ১
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?