নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। গোৱাত চলি থকা ৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰতিষ্ঠিত আইচিএফটি-ইউনেস্কো গান্ধী পদকৰ বাবে দহখন ছবি মনোনীত কৰা হৈছে। এই ছবিসমূহ ইউনেস্ক’ৰ সমৰ্থিত আইচিএফটি-ইউনেস্কো গান্ধী পদকৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। এই পদকটোৱে মহাত্মা গান্ধীৰ দৰ্শনৰ প্ৰতিধ্বনিত কৰে আৰু সমন্বয়, বুজাবুজি আৰু শান্তিৰ মাজত শিপাই থকা এখন পৃথিৱীৰ পোষকতা কৰে। আইচিএফটি-ইউনেস্কো গান্ধী পদকৰ বাবে চৰ্টলিষ্ট কৰা এই চিনেমাৰ ৰচনাসমূহে সংঘাত আৰু অৰাজকতাই আৱৰি ৰখা পৃথিৱীখনত শান্তি, সহনশীলতা, অহিংসা আৰু মমতাৰ নীতিৰ প্ৰতি আমাৰ চেতনাক জাগ্ৰত কৰে। এইবাৰ বিশ্বৰ বিভিন্ন অঞ্চলৰ দহখন উল্লেখযোগ্য ছবি এই বঁটাৰ বাবে প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হৈছে।
ইয়াৰ ভিতৰত আছে মুয়াদ এলাইনৰ “এ হাউচ ইন জেৰুজালেম” (পেলেষ্টাইন, ব্ৰিটেইন, জাৰ্মানী, নেডাৰলেণ্ড, কাটাৰ, ২০২২)ৰ ছবি “এ হাউচ ইন জেৰুজালেম”, টিনাটিন কাজিশ্ভিলিৰ (জৰ্জিয়া, ২০২৩)ৰ ছবি “চিটিজেন ছেইণ্ট”, এন্থনি চেনৰ (ইউকে, ফ্ৰান্স, গ্ৰীচ, ২০২৩)ৰ ছবি “ড্ৰিফ্ট”, এপলিন ট্ৰাওৰে (ফ্ৰান্স, জাৰ্মানী, চেনেগাল, ২০২৩) ছবি ”ইটছ চিৰা”, অভে মাষ্টিং (ইষ্টোনিয়া, ২০২২) ছবি ”কালেভ”, পল ফৌজান অগুস্তা (ইণ্ডোনেছিয়া ২০২২)ৰ ছবি ”দ্য প্ৰাইজ”, জন টৰ্ণব্লেডৰ (ছুইডেন, ২০২২) ছবি ”দ্য চুগাৰ এক্সপেৰিমেণ্ট”, ৰাকেশ চতুৰ্বেদীৰ ওম (ভাৰত, ২০২৩) ছবি ”মণ্ডলী”, বিষ্ণু শশী শংকৰ (ভাৰত, ২০২২) চনৰ ছবি ”মালিকাপুৰম”, সায়ন্তন ঘোষলৰ (ভাৰত, ২০২৩) ছবি ”ৰবীন্দ্ৰ কাব্য ৰহস্য” আদি।
হিন্দুস্থান নিউজ/ বিজয়লক্ষ্মী/মনোজ
