ডেৰাডুন, ২৪ নৱেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে শীঘ্ৰে সকলো বাধা আঁতৰাই ছিলকায়ৰা সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে বাহিৰলৈ উলিয়াই অনা হ’ব। তেওঁ কয় যে তেওঁ স্বয়ং স্থল পৰ্যায়ত সাহায্য আৰু উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিছে।
ছ’চিয়েল মিডিয়াত প্রকাশ কৰা এটা পোষ্টত মুখ্যমন্ত্রী ধামীয়ে কয় যে ছিলকায়ৰা (উত্তৰকাশী)ত নির্মাণীয় সুৰংগটোত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ নিৰীক্ষণৰ সমান্তৰালভাৱে ৷ মালতীত অস্থায়ীভাৱে স্থাপন কৰা মুখ্যমন্ত্রী শিৱিৰ কাৰ্যালয়ৰ পৰা চৰকাৰী সকলো কাম তেওঁ চোৱা-চিতা কৰি আছে ৷ উদ্ধাৰ অভিযান চলি আছে আৰু শীঘ্ৰে সকলো বাধা অতিক্ৰম কৰি সকলো শ্ৰমিক ভাতৃক নিৰাপদে উলিয়াই আনিবলৈ চেষ্টা কৰি থকা হৈছে।
হিন্দুস্থান সমাচাৰ/ৰাজেশ/মনোজ
