শ্বেনজেন, ২৪ নৱেম্বৰ (হি.স.)। বৃহস্পতিবাৰে ২০২৩ চনৰ বি ডব্লিউ এফ চাইনা মাষ্টাৰছৰ দ্বিতীয় ৰাউণ্ডৰ পৰা মহিলাৰ একক শাখাত দক্ষিণ কোৰিয়াৰ ১ নং এন চে ইয়ং আৰু পুৰুষৰ একক শাখাত দ্বিতীয় বাচনিকৃত ইণ্ডোনেছিয়াৰ গিন্টিং এণ্টনি চিনিছুকাই বাহিৰ হয়।
বিশ্ব চেম্পিয়ন এনে চীনৰ ৱাং ছিয়িৰ হাতত ২১-১২, ২১-১৬ ব্যৱধানত পোনপটীয়া ছেটত পৰাস্ত হয়।
একে সময়তে তৃতীয় বাচনিকৃত চীনৰ চেন ইউফেইয়ে মালয়েছিয়াৰ গহ জিন ৱেইক ২১-৯, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
পুৰুষৰ একক মেচত গিন্টিঙক চাইনিজ টাইপেইৰ অবাচনিকৃত লিন চুন-ইয়ে ২১-১৮, ২১-১৭ ব্যৱধানত পৰাস্ত কৰে। পৰৱৰ্তী ৰাউণ্ডত লিনে চীনৰ শ্বাটলাৰ ঝাও জুনপেঙৰ বিৰুদ্ধে খেলিব। জুনপেঙে ডেনমাৰ্কৰ ৰাছমাছ গেমেকক ২১-১৩, ২১-১৪ ব্যৱধানত পৰাজিত কৰে।
জাপানৰ তৃতীয় বাচনিৰ কোডাই নাৰাওকাই ১১০ মিনিটৰ কঠিন খেল এখনত ডেনমাৰ্কৰ এণ্ডাৰছ এণ্টনচেনৰ বিৰুদ্ধে ২১-১৯, ১২-২১, ২১-১৯ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে চীনৰ সপ্তম বাচনিৰ শ্বি ইউকিক ফ্ৰান্স কে ক্রিষ্টো প’পভে ২১-১৫, ২১-১৯ ব্যৱধানত পৰাজিত কৰে৷ .
হিন্দুস্থান সমাচাৰ/ সুনীল/মনোজ/অৰৱিন্দ
