
–এইবাৰ বিটিআৰ ইউপিপিএল-বিজেপি মৰ্চাই দখল কৰিব–চক্ৰধৰ গগৈ
বাক্সা, ২৪ নৱেম্বৰ (হি.স.): বাক্সাৰ আনন্দ বজাৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন সম্পন্ন হয়। এই সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টিৰ মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক তথা শালবাৰী পৰিষদীয় সমষ্টিৰ তত্বাৱধায়ক চক্ৰধৰ গগৈয়ে এইবাৰ নিশ্চিতভাৱে বিটিআৰ দখল কৰিব বুলি দাবী কৰে। বৃহস্পতিবাৰে বিয়লি বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰ কালী মন্দিৰ প্ৰাংগনত উত্তৰ ভৱানীপুৰ মণ্ডল বিজেপিৰ উদ্যোগত শালবাৰী পৰিষদীয় সমষ্টি ভিত্তিক অনুষ্ঠিত হোৱা কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি এই মত ব্যক্ত কৰে চক্ৰধৰ গগৈয়ে।
তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ইউপিপিএল আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি মৰ্চা এই মৰ্চাই এইবাৰ নিশ্চিতভাবে বিটিআৰ দখল কৰিব ৷ বিটিআৰৰ ৰাইজে সৰ্বাংগীণ বিকাশ বিচাৰিছে। কেবল এটা জাতি বা জনগোষ্ঠীৰ বা কম মানুহৰ উন্নয়ন বিচৰা নাই। বিজেপিৰ নেতৃত্বাধীন চৰকাৰে তাকেই কৰি আছে। সামগ্ৰিকভাৱে পাহাৰ-ভৈয়াম, জাতি-জনগোষ্ঠীক একাকাৰ কৰি সৰ্বস্তৰৰ বিকাশ সাধন কৰি আছে। সকলো শ্ৰেণীৰ বিকাশ সাধন কৰা চৰকাৰখনেই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। ইফালে কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক চক্ৰধৰ গগৈয়ে হাগ্ৰামা মহিলাৰী প্ৰসংগত কয় যে হাগ্ৰামা মহিলাৰী এতিয়া বিজেপিৰ বিৰোধী মানুহ। তেওঁ এতিয়া যি পায় তাকেই কয় ৷ হাগ্ৰামা মহিলাৰীৰ কথাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ কোনো প্ৰয়োজন নাই। আগন্তুক লোকসভা নিৰ্বাচনত বিটিআৰত ইউপিপিএল-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল সংখ্যক ভোট লাভেৰে জয়ী হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
