নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। ভাৰতৰ শ্ৰীমন্ত ঝাই উজবেকিস্তানত চলি থকা এছিয়া কাপ পেৰা পাঞ্জা (আৰ্ম ৰেছলিং) চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাখন ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু অহা ২৫ নৱেম্বৰত সমাপ্ত হ’ব। ছত্তীশগড়ৰ পৰা অহা ঝাই পি আই ইউ এইচ ৯০ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে এই পদক ভাৰতৰ শ্বহীদ জোৱানসকলৰ বাবে উৎসৰ্গা কৰে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ আব্ৰ’ৰ ৰুষ্টামভক পৰাস্ত কৰে।
কিৰ্গিস্তানৰ চোলপনবাই ঝাৰকুলভে এই শাখাত স্বৰ্ণ পদক লাভ কৰে।
এই ব্ৰঞ্জৰ পদক পেৰা পাঞ্জা প্ৰতিযোগিতাত তেওঁৰ ৪৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক। এছিয়াৰ ১ নং আৰু বিশ্বৰ ৩ নং ঝাই ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ ক্ৰ’ৱেচিয়াত অনুষ্ঠিত হ’বলগীয়া পেৰা পাঞ্জা চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰে।
দুয়োহাতত চাৰিটা আঙুলি লৈ জন্মগ্ৰহণ কৰা ২৯ বছৰীয়া খেলুৱৈগৰাকীয়ে ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত কাজাখাস্তানত অনুষ্ঠিত হোৱা পেৰা পাঞ্জা বিশ্ব চেম্পিয়নশ্বিপ আৰু চলিত বৰ্ষত ইউ এ ইত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰিছিল।
২৯ বছৰীয়া পেৰা পাঞ্জা খেলুৱৈগৰাকীয়ে কয়, ‘মোৰ ওপৰত মোৰ পিতৃ-মাতৃৰ সদায় বিশ্বাস আছিল। ভিলাই-চত্তীশগড়ৰ মোৰ বন্ধুসকলেও মোক সমৰ্থন কৰিছিল, মোৰ আঙুলিবিহীন বাহু দুটা দুৰ্বল বুলি গম পাই মানুহৰ মুখৰ চাৱনিটোৱেই মোৰ ভাল লগা নাছিল। এই পদকবোৰে প্ৰমাণ কৰে যে মই বিশেষ। এই পদকবোৰ কেৱল মোৰ নহয়, সমগ্ৰ দেশৰ।
যোৱা ১৫ বছৰ ধৰি বাহু যুঁজৰ অনুশীলন কৰি প্ৰতিবছৰে ৰাষ্ট্ৰীয় পৰ্যায়ত এটা স্বৰ্ণ পদক আৰু বহু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিবলৈ সক্ষম হৈছে। ঝাই বাওঁহাতেৰে পাঞ্জা খেলে আৰু তিনিটা আঙুলিৰে শক্তি গঢ়ি তুলিব পৰাকৈ অনুশীলন কৰিছে।
দৃঢ় ইচ্ছাশক্তি আৰু দৃঢ়তাৰ ওপৰত ভিত্তি কৰি ২৯ বছৰীয়া খেলুৱৈগৰাকীয়ে বিপদ অতিক্ৰম কৰি নিজকে আৰু দেশক গৌৰৱান্বিত কৰি তুলিলে।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ/অৰবিন্দ
