হাইলাকান্দি, ২৩ নৱেম্বৰ (হি স)। বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্যাহত আছে। হাইলাকান্দি আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ৬ কুইন্টল বাৰ্মিজ চুপাৰি ভৰ্তি এখন ট্ৰাক।
হাইলাকান্দি সদৰ আৰক্ষী চকিৰ অৰ্ন্তগত বেসিক চৌৰন্ঙীৰ পৰা হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে ৬ কুইন্টল বাৰ্মিজ চুপাৰি ভৰ্তি এখন ট্ৰাক । ট্ৰাকৰ গোপন চেম্বাৰৰ ভিতৰত লুকাই ৬ কুইন্টল বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰা হয়। হাইলাকান্দি হৈ বহিঃজিলাত সৰবৰাহ কৰাৰ সময়ত হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে চুপাৰি ভৰ্তি এই ট্ৰাক খন ।
আৰক্ষীয়ে ট্ৰাক খনক জব্দ কৰিছে যদিও এই ট্ৰাক খনৰ চলক আৰু সহচালকক আটক কৰিব পাৰা নাই । জব্দকৃত বাৰ্মিজ চুপাৰি খিনিৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি অনুমান কৰিছে হাইলাকান্দি আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
