নগাঁও, ২২ নৱেম্বৰ (হি.স.)। ৰূপহীহাটত কালি নিশা চাঞ্চল্যৰ ডকাইতি কাণ্ডৰ ঘটনা। ১২ জনীয়া দুৰ্বৃত্তৰ দলে লুটি নিয়ে প্ৰায় তিনি লক্ষাধিক টকা। তেজপুৰ জামুগুৰিৰ তিনি লোকক ৰূপহীহাটৰ দুৰ্বৃত্তৰ দলে চলাই লুটপাট কাঢ়ি নিয়ে নদগ ধনসহ মোবাইল ফোন সোণৰ আঙুটি।
ডবগাৰ আলি হুছেইন নামৰ লোকজনে ড্ৰাম্পাৰ ভাড়া দিয়াৰ প্ৰলোভন দি মাতি আনে ৰূপহীহাটৰ চাইদৰীয়া ভাৰত পেট্ৰোল পামৰ ওচৰত মাতি আনে লোককেইজনক। পেট্ৰোল পাম্পৰ পৰা আগবঢ়াই অনাৰ চলেৰে গাড়ীত উঠাই এখন ঘৰত সোমাইলৈ ১২জনীয়া এটি দুৰ্বৃত্তৰ দলে মূৰত বন্ধুক ধৰি ,চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি ধন লুটপাট কৰাৰ অভিযোগ উত্থাপিত কৰিছে। ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে বুক্তভোগী লোকসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
