ধুবুৰী,২২ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাউসমাৰীত মঙলবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান চলে। অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। লগতে মহিলা সহ তিনিজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ উপৰি এখন বিলাসী বাহন জব্দ কৰা হৈছে।
ইফালে ধৃত কেইজন হৈছে ক্ৰমে বঙাইগাঁৱৰ বাসিন্দা বিশ্বজিৎ আলী, হৰ্ষজিত সেখ আৰু হৰ্ষজিতৰ পত্নী আছমা খাতুন। তিনিওকে একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে। বঙাইগাঁৱৰ পৰা ধুবুৰীৰ সীমান্ত অভিমুখে AS 26 F 6664 নম্বৰৰ এখন ছুইফ ডিজাইৰ বাহন আহি থকাৰ খবৰ লাভ কৰে গৌৰীপুৰ আৰক্ষী। গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি বৈশ্য, আৰু গৌৰীপুৰ চহৰ পৰিদৰ্শক বিকাশ প্ৰতিম মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান। সম্প্ৰতি তিনি সৰবৰাহ কাৰীক গৌৰীপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
