নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। অহা ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰতৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাত অংশগ্ৰহণ নকৰে অ’পেনাৰ ডেভিদ ৱাৰ্নাৰে।
অহা বছৰ পাকিস্তানৰ বিৰুদ্ধে ছিডনী টেষ্টৰ পাছত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’বলগীয়া ৱাৰ্নাৰে বিশ্বকাপত গড়ে প্ৰায় ৫০ ৰান কৰি ৫৩৫ ৰান সংগ্ৰহ কৰে। পেট কামিন্স, মিচেল ষ্টাৰক, জোছ হেজলউড, কেমেৰন গ্ৰীণ আৰু মিচেল মাৰ্ছৰ সৈতে ছিৰিজৰ বাবে জিৰণি দিয়া হৈছে উদ্বোধনী বেটছমেনগৰাকীক।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এক বিবৃতি অনুসৰি, “নিৰ্বাচকসকলে সিদ্ধান্ত লৈছে যে ৱাৰ্নাৰে এতিয়া সফল কিন্তু প্ৰত্যাহ্বানমূলক বিশ্বকাপ অভিযানৰ পিছত ঘৰলৈ উভতি যাব।”
চলিত বৰ্ষৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাত অষ্ট্ৰেলিয়াৰ হৈ অভিষেক ঘটোৱা পশ্চিম অষ্ট্ৰেলিয়াৰ ফাষ্ট বলিং অলৰাউণ্ডাৰ এৰন হাৰ্ডিক টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও হামষ্ট্ৰিঙৰ আঘাতৰ পৰা সুস্থ হৈ উঠা স্পেন্সৰ জনছনৰ সলনি কেন ৰিচাৰ্ডছনক দলত মাতি অনা হৈছে। এই ছিৰিজত অষ্ট্ৰেলিয়াৰ দলটোক নেতৃত্ব দিব মেথিউ ৱেডে।
অষ্ট্ৰেলিয়াৰ টি-২০ দলটো হ’ল- মেথিউ ৱেড (অধিনায়ক), এৰন হাৰ্ডি, জেছন বেহৰেণ্ডৰ্ফ, শ্বেন এবট, টিম ডেভিদ, নাথান এলিছ, ট্ৰেভিছ হেড, জোছ ইংলিছ, গ্লেন মেক্সৱেল, টানভিৰ সাংঘা, মেট শ্বৰ্ট, ষ্টিভ স্মিথ, মাৰ্কাছ ষ্ট’ইনিছ, কেন ৰিচাৰ্ডছন, এডাম জাম্পা।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ/অৰবিন্দ
