নগাঁওস ২১ নৱেম্বৰ (হি.স.): নগাঁৱৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজীয়া গাঁৱত যোৱাকালি নিশা আটক কৰা হয় এটা দুধৰ্ষ ড্ৰাগছ বেপাৰী। বহু দিন ধৰি চলাই আহিছিল ড্ৰাগছৰ এখন কলা বজাৰ।নগাঁৱৰ বাজীয়া গাঁৱত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চামগুৰি আৰক্ষী আৰু খাটোৱাল আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুধৰ্ষ ড্ৰাগছ বেপাৰী হেকমত আলীক। লগতে জব্দ কৰে বহু পৰিমাণৰ ড্ৰাগছৰ লগতে এখন বিলাসী বাহন।জব্দ কৰা হয় প্ৰায় ৩২ হাজাৰ টকা, সোণৰ লগতে চাৰিটা ফোন।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
