
উত্তৰকাশী, ২১ নৱেম্বৰ (হি.স.)। সুদীৰ্ঘ নটা দিনৰ অন্তত সোমবাৰে উদ্ধাৰকাৰী দলটোৱে ছিলকায়ৰা সুৰংগত দুটা বিশেষ সফলতা লাভ কৰে। সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে গৌণ জীৱনৰেখাই ৬ ইঞ্চিৰ পাইপটো পাৰ হোৱাত সফল হোৱাৰ বিপৰীতে ৯ দিনৰ মূৰত প্ৰথমটো ভিডিঅ’ পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে সকলো শ্ৰমিক সুৰক্ষিত।
সোমবাৰে নিশা ৬ ইঞ্চিৰ পাইপ ইপাৰ সিপাৰ হোৱাৰ পিছত উদ্ধাৰকাৰী দলটোৱে সুৰংগটোৰ ভিতৰত থকা পাইপটোৰ মাজেৰে এণ্ড’স্ক’পিক ফ্লেক্সি কেমেৰা এটা সুমুৱাই দিয়ে। এই কেমেৰাৰ জৰিয়তে সুৰংগটোৰ ভিতৰত সংঘটিত হোৱা ভূমিস্খলনৰ ফটোও লোৱা হ’ব। ভিডিঅ’টোত শ্ৰমিকসকলেও ৱাকি-টকিৰ জৰিয়তে কথা পাতি থকা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ/চিৰঞ্জীৱ চেমৱাল/মনোজ
