আহমেদাবাদ, ১৯ নৱেম্বৰ (হি.স.)। আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আই চি চিৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেল। ফাইনেলত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰিবলৈ ওলাই আহিব ভাৰতীয় দল। টছৰ পাছত ভাৰতীয় অধিনায়ক ৰোহিতে কয় যে তেওঁ প্ৰথমে বেটিং কৰিব বিচাৰে।
চূড়ান্ত খেলখনৰ বাবে ভাৰতীয় দলত কোনো সালসলনি কৰা হোৱা নাই। অষ্ট্ৰেলিয়াৰ দলটোতো কোনো পৰিৱৰ্তন হোৱা নাই।
দুয়োটা দল তলত দিয়া ধৰণৰ –
ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), সূৰ্য্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ শামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ।
অষ্ট্ৰেলিয়া দল : পেট কামিন্স (অধিনায়ক), ট্ৰেভিছ হেড, ডেভিড ৱাৰ্নাৰ, মিচেল মাৰ্ছ, ষ্টিভ স্মিথ, মাৰ্নাছ লাবুশ্বেন, গ্লেন মেক্সৱেল, জোছ ইংলিছ (উইকেটকীপাৰ), মিচেল ষ্টাৰক, এডাম জাম্পা, জোছ হেজলউড।
হিন্দুস্থান সমাচাৰ/বীৰেন্দ্ৰ/মনোজ
