নতুন দিল্লী, ১৯ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (দেওবাৰে) সূৰ্য উপাসনা মহান উৎসৱ ছঠত সকলো দেশবাসীক শুভেচ্ছা জনায়। সকলোৰে জীৱনত সমৃদ্ধি কঢ়িয়াই আনিবলৈ তেওঁ ভগৱান সূৰ্য্যৰ ওচৰত প্ৰাৰ্থনা কৰে।
টুইটাৰযোগে প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় – ‘মহাপৰ্ব ছঠৰ সন্ধ্যা অৰ্ঘ্যৰ শুভক্ষণত মোৰ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সূৰ্য্য ভগৱানৰ পূজাই সকলোৰে জীৱনত নতুন শক্তি আৰু নতুন উদ্যম সৰবৰাহ কৰক। জয় ছঠি মাইয়া।
ইয়াৰ পূৰ্বে কালি (শনিবাৰ) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছঠ পূজা উপলক্ষে দেশবাসীক সম্ভাষণ জনাইছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কৈছিল – ‘ছঠ পূজাৰ শুভক্ষণত সকলো নাগৰিককে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।’ ছঠ হৈছে সূৰ্য্য দেৱতাৰ পূজাৰ বাবে উৎসৰ্গিত এক উৎসৱ। নদী, পুখুৰী আৰু অন্যান্য পানীৰ উৎসৰ প্ৰতিও শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
