ছলমান খান আৰু কেটৰিনা কাইফে অভিনয কৰা ‘টাইগাৰ ৩’ ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰি ৩০০ কোটি টকাৰ ক্লাবত স্থান লাভ কৰে। বক্স অফিচৰ হিচাপ অনুসৰি এই ছবিখনে বিশ্বত ৩০০ কোটিৰো অধিক কাম কৰিছে।ভাইজানে এই ছবিখনক ভাল পোৱাৰ বাবে দৰ্শকক ধন্যবাদ জনায়। সূত্ৰ অনুসৰি ছলমানে ‘টাইগাৰ ৩’ৰ সফলতাৰ পিছত অতি সোনকালে মুম্বাইত পাৰ্টি দিবলৈ ওলাইছে।
২০১২ চনত মুক্তি পাইছিল এক থা টাইগাৰ। বক্স অফিচত হিট হৈছিল ছবিখন। ব্যৱসায়ত ৩৩৫ কোটি টকা। এই ছবিখনত দৰ্শকে ছলমানক সম্পূৰ্ণ নতুন অৱতাৰত দেখিছিল। কেটৰিনা আৰু ছলমানৰ ৰমকজমক চমকে নজৰ কাঢ়ি নিছিল। তাৰ পিছত ২০১৭ চনত মুক্তি পালে ‘টাইগাৰ জিন্দা হায়’। এই ছবিখনে বক্স অফিচত ৫৫৬ কোটি টকা উপাৰ্জন কৰে। ছলমানৰ ‘টাইগাৰ’ অৱতাৰে ২০২৩ চনত পুনৰ সফলতা কঢ়িয়াই আনিলে।
হিন্দুস্থান সমাচাৰ /মনোজ/অৰবিন্দ
