নতুন দিল্লী, ১৭ নৱেম্বৰ (হি.স.)। অহা ২৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ‘মন কি বাত’ কাৰ্যসূচীৰ বাবে নাগৰিকক পৰামৰ্শ দিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এয়া হ’ব মন কি বাতৰ ১০৭ সংখ্যক খণ্ড। এই মাহৰ মন কি বাতৰ বাবেও বৃহৎ সংখ্যক পৰামৰ্শ লাভ কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে মাই গভ (MyGov) বা নমো এপ (NaMo app)ত শ্বেয়াৰ নকৰাসকলকো তেওঁলোকৰ পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে। শুকুৰবাৰে এক এক্স-পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, ‘২৬ তাৰিখে টেলিকাষ্ট হ’বলগীয়া এই মাহৰ ‘মন কি বাত’ৰ বাবে বৃহৎ সংখ্যক পৰামৰ্শ দেখি আনন্দিত হৈছো। ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক জীৱন অভিজ্ঞতাসমূহেই এই কাৰ্যসূচীৰ সাৰমৰ্ম, যিয়ে প্ৰতিটো সংস্কৰণক অধিক সমৃদ্ধিশালী আৰু জ্ঞানদায়ক কৰি তুলিছে। “যিসকলে এতিয়াও নিজৰ পৰামৰ্শ শ্বেয়াৰ কৰা নাই তেওঁলোকে মাইগভ বা নামো এপত প্ৰেৰণ কৰিব পাৰে।”
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
