হোজাই, ১৭ নৱেম্বৰ : হোজাই আৰক্ষীৰ জালত পৰিছে চুৰি বাইকসহ এটা গভাইত গাড়ী চোৰ। হোজাই আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া বৰপুখুৰীৰ পৰা আটক কৰে চোৰটোক।
আটকাধীন ধৃত চোৰটো বৰপুখুৰীৰ জিয়াৰুল হক বুলি পৰিচয় পোৱা গৈছে। ইফালে উদ্ধাৰ কৰা দুচকীয়া বাহনখন বুধবাৰে গুৱাহাটীৰ পানবজাৰৰ পৰা চুৰি হৈছিল। চুৰি সন্দৰ্ভত অধিক তথ্যৰ বাবে হোজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
