অভিনেতা নানা পাটেকাৰ ৰুদ্ৰৰূপ পৰিলক্ষিত হৈছে। পাটেকাৰ খঙাল স্বভাৱৰ বাবে পৰিচিত। নানা পাটেকাৰৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত তেওঁ ফেনৰ মূৰত জোৰেৰে আঘাত কৰা দেখা গৈছে। আনকি খঙত চিঞৰি উঠিছিল। তেওঁৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
নানাক দেখা যাব গাদৰ ২ পৰিচালক অনিল শৰ্মাৰ ছবি জাৰ্নিত। ইয়াৰ উপৰিও অনিল শৰ্মাৰ পুত্ৰ উৎকৰ্ষই অভিনয় কৰিছে। ডিমেনচিয়া ৰোগত আক্ৰান্ত পিতৃ আৰু পুত্ৰৰ সম্পৰ্কক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনী ঘূৰি আছে। বৰ্তমান বাৰাণসীত ছবিখনৰ দৃশ্যগ্ৰহণ কৰি আছে নানা পাটেকাৰে। য’ত এজন অনুৰাগীয়ে চেলফিৰ বাবে আহে। চেলফিৰ বাবে শ্বটটোত বাধা দিয়া তেওঁৰ খং উঠে। খঙতে তাৰ মূৰত জোৰেৰে থাপৰ মাৰিলে। তাক তাৰ পৰাই যাবলৈও কোৱা হ’ল। ইফালে, ছেপ্টেম্বৰৰ শেষ সপ্তাহত মুক্তি পালে নানা পাটেকাৰৰ দ্য ভেকচিন ৱাৰ। কিন্তু এই ছবিখন দৰ্শকে নাকচ কৰিলে। বিবেক অগ্নিহোত্ৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন কৰ’না কালত বিজ্ঞানীসকলে নিৰ্মাণ কৰা থলুৱা ভেকচিনৰ সৃষ্টিৰ ওপৰত আধাৰিত আছিল।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰৱিন্দ
