










































শোণিতপুৰ, ১৪ নৱেম্বৰ ( হি স)। দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এগৰাকী ১১ বছৰীয়া কিশোৰীৰ সফলতাই আনন্দিত কৰি তুলিছে জামুগুৰিহাটবাসী ৰাইজক ৷ অলপতে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা স্পাৰ্ক মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ ৰ “কিডচ বি” ৰ প্ৰতিযোগীতাত প্ৰথম ৰানাৰছ আপ বিজয়ীৰ খিতাপ অৰ্জন কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ হোলি চাইল্ড ইংলিছ স্কুলত অধ্যয়নৰত এইগৰাকী ষষ্ঠ শ্ৰেণীৰ কিশোৰী ছাত্ৰী জ্ঞানদা গাৰ্গী হাজৰিকাই৷
প্ৰতিযোগীতাখনিত উত্তৰ পূৰ্বাঞ্চলৰ শতাধিক কিডছৰ প্ৰতিযোগীক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় কিশোৰীগৰাকীয়ে ৷ বাল্যকালৰ পৰাই সৌন্দৰ্য চৰ্চাৰ জগতখনৰ প্ৰতি আকৰ্ষিত কিশোৰীগৰাকীয়ে ৰশ্মি বৰুৱাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে বহুকেইটা সৌন্দৰ্যৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈও সক্ষম হৈছিল ৷ উল্লেখ্য যে সৌন্দৰ্য্য চৰ্চাৰ লগতে নিজৰ অধ্যয়নৰ দিশটোও সমানে আগবঢ়াই নিয়া কিশোৰী ছাত্ৰী জ্ঞানদা গাৰ্গী হাজৰিকা জামুগুৰিহাটৰ বৰভগীয়া গাঁও নিবাসী প্ৰাক্তন গাঁওপ্ৰধান হেমচন্দ্ৰ বৰাৰ নাতিনী তথা বিচিত্ৰ হাজৰিকা আৰু ববী হাজৰিকাৰ একমাত্ৰ কন্যা ৷
কিশোৰী ছাত্ৰী জ্ঞানদা গাৰ্গী হাজৰিকাৰ এই সফলতাত উৎফুল্লিত গাওবাসীয়ে কিশোৰী ছাত্ৰী গৰাকীক মৰম যঁচাৰ লগতে সৌন্দৰ্য চৰ্চাৰ প্ৰতি আকৰ্ষিত জ্ঞানদা গাৰ্গীৰ উজ্জ্বল ভৱাষ্যত কামনা কৰিছে সমগ্ৰ জামুগুৰিহাটবাসী ৰাইজে ৷
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
