নতুন দিল্লী, ১৪ নৱেম্বৰ (হি.স.)। ওবেৰয় গ্ৰুপৰ চেয়াৰমেন এমেৰিটাছ পৃথ্বী ৰাজ সিং ওবেৰয়ৰ মঙলবাৰে পুৱা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ ৯৪ বছৰ বয়স হৈছিল। তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল। পৃথ্বী ৰাজ সিং ওবেৰয়ৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে ওবেৰয় গ্ৰুপৰ এগৰাকী মুখপাত্ৰই।
ভাৰতৰ হোটেল ব্যৱসায়ৰ ৰূপ সলনি কৰাৰ বাবে তেওঁ পৰিচিত আছিল। তেওঁ ওবেৰয় গ্ৰুপৰ ফ্লেগশ্বিপ কোম্পানী ই আই এইচ লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ আৰু অবেৰয় হোটেলছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আছিল। হোটেল ব্যৱসায়ক নতুন দিশ দিয়াৰ সমান্তৰালকৈ তেওঁ বিভিন্ন বিলাসী হোটেল প্ৰতিষ্ঠা কৰিছিল। ১৯২৯ চনত নতুন দিল্লীত জন্মগ্ৰহণ কৰিছিল পি আৰ এছ অবেৰয়ে। অবেৰয় গ্ৰুপৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰায় বাহাদুৰ মোহন সিং অবেৰয়য়ে ১৯৩৪ চনত এজন ইংৰাজৰ পৰা দিল্লীৰ ক্লাৰ্কছ আৰু শিমলাৰ ক্লাৰ্কছ নামৰ দুটা সম্পত্তি ক্ৰয় কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ দুই পুত্ৰ তিলক ৰাজ সিং ওবেৰয় আৰু পৃথ্বী ৰাজ সিং ওবেৰয়ৰ সহায়ত ভাৰত আৰু বিদেশত হোটেল ব্যৱসায় কৰিছিল।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ/অৰৱিন্দ
