
শোণিতপুৰ, ১৪ নৱেম্বৰ (হি.স.): শোণিতপুৰৰ বালিপৰাত সোমবাৰে বিয়লি এক পথ দুৰ্ঘটনা সংঘটিত হয়।প্ৰাপ্ত তথ্য়মতে, এএছ ১২ ই ৬১৩২ নম্বৰৰ তীব্ৰবেগী মেজিকৰ খূণ্ডাত আহত হয় সাত জনকৈ পুৰুষ- মহিলা।
জানিব পৰামতে, তীব্ৰ বেগেৰে অহা মেজিকখমে বালিপৰাৰ পাচআলিত অঙ্কুৰ শইকীয়া নামৰ এজন যুৱকক খূণ্ডিয়াই গুৰুতৰ ভাবে আহত কৰি পিচত একেখন মেজিকে কালিপুজাৰ মুৰ্তি বিসৰ্জন দিবলৈ যোৱা ৬ জনকৈ লোকক খূণ্ডিয়াই আহত কৰে। আহত হয় অঙ্কুৰ শইকীয়া, ৰাজেন শইকীয়া, কনকন দাস, লকীয়া মাহালী, ছবি মল্লিক, মিলন মজুমদাৰ আৰু প্ৰগতি চাহানী নামৰ লোককেইগৰাকী। ইয়াৰে অঙ্কুৰ শইকীয়া, ৰাজেন দাস, কনকন দাসক তেজপুৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই মেজিকখনৰ চালকজন পলায়ন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
