














































































































নগাঁও, ১৪ নৱেম্বৰ ( হি স)। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাঁথো কেইটামান দিন বাকী ৷ শৰতৰ পূৰ্ণিমা নিশা ৰাজ্যৰ চৌপাশে উদযাপিত হ’ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷
ৰাসলীলাৰ নান্দনিক পৰিৱেশে বিৰাজ কৰিব ৰাজ্যৰ গ্ৰাম্যাঞ্চল সমূহ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ বঢ়মপুৰটো বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো অহা ২৭নৱেম্বৰত ব্যতিক্ৰমীভাৱে জাগৰণ গোষ্ঠীৰ উদ্যোগত উদযাপিত হ’ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ সমন্বয়—২০২৩ ৷ বঢ়মপুৰৰ শ্বহীদ উদ্যান প্ৰেক্ষাগৃহত ইতিমধ্যে যুৱতী সকলে আখৰা আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
