
যোৰহাট, ১৪ নৱেম্বৰ (হি.স.): দিপাৱলী আনন্দৰ মাজতে ডিমৌত এক অঘটন সংঘটিত হয়। কালি সন্ধিয়া ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কাষৰীয়া ইকৰাণি বৰহোলাত এই অঘটন ঘটে। খেৰী ঘৰত ফটকাৰ জুই পৰাত দাওঁ দাওঁকৈ জ্বলি উঠে যাদৱ কোঁৱৰ নামৰ ব্যক্তিগৰাকীৰ ৰান্ধনী ঘৰ।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ লগতে ডিমৌ আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে যাদৱ কোঁৱৰৰ পৰিয়ালটো কথমপি ৰক্ষা পৰে। বৰ্তমানেও ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
