-ক’লে, ক্ষমতালৈ আহিলে দেশত গণ বিতাড়ন আৰু মুছলমান দেশৰ ওপৰত নিষেধাজ্ঞা
নিউয়ৰ্ক, ১৩ নৱেম্বৰ (হি.স.)। ৰিপাব্লিকান পাৰ্টিৰ মনোনয়নৰ দৌৰত আগবাঢ়ি থকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ নিৰ্বাচনত জয়ী হোৱাৰ অৰ্থে জনতাক প্ৰতিশ্ৰুতিৰে ওপচাই দিছে। অহা বছৰ আমেৰিকাত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। সাধাৰণ নিৰ্বাচনত জয়ী হ’লে ট্ৰাম্পে গণ বিতাড়ন অভিযান আৰম্ভ কৰাৰ লগতে মুছলমান দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি সকলো সামগ্ৰীৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ বাবে ট্ৰাম্পৰ প্ৰচাৰ আৰম্ভ হৈছে। অৱশ্যে ট্ৰাম্পৰ অধিকাংশ সময় বিভিন্ন গোচৰৰ শুনানিতে কটাবলগীয়া হৈছে। ইফালে নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ মনোনয়নৰ দৌৰত তেওঁ আগবাঢ়ি আছে। ট্ৰাম্পে পুনৰ ৰাষ্ট্ৰপতি হ’লে নিজৰ কাৰ্যকালৰ এজেণ্ডাও শ্বেয়াৰ কৰিছে।
ট্ৰাম্পে দাবী কৰিছে যে তেওঁ শপত লোৱাৰ পূৰ্বেই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ বন্ধ কৰি দিব। হামাছৰ সৈতে হোৱা যুদ্ধত ইজৰাইলৰ সৈতে থিয় দিব আৰু সন্ত্ৰাসবাদী সংগঠনটোক “ধ্বংস” কৰাৰ বাবে ইজৰাইলৰ প্ৰচেষ্টাক সমৰ্থন কৰিব বুলি ট্ৰাম্পে কয়। তেওঁ কয় যে তেওঁ উত্তৰ আটলাণ্টিক সন্ধি সংস্থাৰ (নাটো) উদ্দেশ্য আৰু অভিযানৰ ‘মৌলিকভাৱে পুনৰ মূল্যায়ন’ কৰি যাব।
হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ/অৰবিন্দ
