শ্বাহৰুখ খানৰ ‘জোৱান’ৰ পিছত আজি মুক্তি লাভ কৰা ‘টাইগাৰ-৩’ ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে। দীপাৱলী উপলক্ষে দৰ্শকৰ সন্মুখত আহিছে ছলমান খান আৰু কেটৰিনা কাইফে অভিনীত বহু প্ৰত্যাশিত, বহু চৰ্চিত ছবি ‘টাইগাৰ-৩’। ছবিখনে প্ৰথম দিনাই ভাল সঁহাৰি লাভ কৰিছে। ছচিয়েল মিডিয়াত আহি আছে ছলমানৰ অনুৰাগীৰ প্ৰতিক্ৰিয়া। একেদৰে ‘টাইগাৰ-৩’ত শ্বাহৰুখৰ কেমিঅ’ দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
বক্স অফিচত অভিলেখ ভংগ কৰা শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনত দেখা গ’ল ছলমান খানৰ কেমিঅ’। ইয়াত ছলমানে সিংহৰ চৰিত্ৰত অভিনয় কৰি কিং খানক শত্ৰুৰ পৰা ৰক্ষা কৰা দেখা গৈছিল। এতিয়া শ্বাহৰুখক ‘টাইগাৰ-৩’ ছবিখনত পাঠানৰ দৰে কাম কৰা দেখা গৈছে। এই ছবিখন মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত শ্বাহৰুখৰ দুৰ্ধৰ্ষ প্ৰৱেশৰ ভিডিঅ’ শ্বেয়াৰ হ’বলৈ ধৰিলে।
‘টাইগাৰ-৩’ ছবিখনৰ এই ফাদিল দৃশ্যত ছলমানক শত্ৰুৰ মাজত ঘেৰি ৰখা দেখা গৈছে। ঠিক তেতিয়াই তেওঁৰ ওচৰত এটা বল পৰি যায়, য’ত বাজি উঠে ‘ঝুমে জো পাঠান’ গীতটো। এই কথা শুনি ছলমানে সকাহৰ হুমুনিয়াহ এটা লৈ হাঁহিবলৈ আৰম্ভ কৰে। আত্মসমৰ্পণ কৰি শত্ৰুৰ লগত যায়। ইফালে শ্বাহৰুখ খানে গ্ৰেণ্ড এণ্ট্ৰি কৰি ছলমানক শত্ৰুৰ কৱলৰ পৰা নিৰাপদে ৰক্ষা কৰে।
উল্লেখ্য় যে ছলমানৰ চোৰাংচোৱা থ্ৰিলাৰ ‘টাইগাৰ ৩’ৰ পৰিচালনা মনিশ শৰ্মাৰ আৰু প্ৰযোজনা কৰিছে আদিত্য চোপ্ৰাই। ছলমান আৰু কেটৰিনাৰ উপৰিও ইমৰাণ হাছমীয়েও ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/অৰৱিন্দ/মনোজ
