-চৌদি আৰৱৰ ৰিয়াদত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুছলমান নেতাসকলৰ বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এক শক্তিশালী বাৰ্তা
টেল আভিভ/ৰিয়াদ, ১২ নৱেম্বৰ (হি.স.)। চৌদি আৰৱৰ ৰিয়াদত বিশ্বৰ মুছলমান দেশৰ নেতাসকলৰ সন্মিলনৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে স্পষ্ট কৰি দিছে যে গাজাত সেনাৰ নিয়ন্ত্ৰণ থাকিব। ইজৰাইল ক্ষান্ত হ’ব হামাছক ধ্বংস কৰাৰ পিছতহে, ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ বিৰুদ্ধে যাব লাগিলেও তাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰে। তাত নিৰাপত্তা বজাই ৰাখিবলৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় বাহিনীক বিশ্বাস নকৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টৰ সৈতে সংবাদমেলত নেতান্যাহুৱে বিশ্ববাসীক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে ইজৰাইলে হামাছক নাশ কৰিব। আনকি আমি ইয়াৰ বাবে পৃথিৱীৰ বিৰুদ্ধে যাব লগা হ’লেও তাৰ মোকাবিলা কৰিব। কোনো মিছা দাবী বা সেনাৰ ওপৰত হেঁচা প্ৰয়োগে আমাক এনে কৰাত বাধা দিব নোৱাৰে। এই যুদ্ধৰ পিছত, গাজাৰ পৰা ইজৰাইলৰ প্ৰতি কেতিয়াও কোনো ভাবুকি নাথাকিব।
আন এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শনিবাৰে ৰিয়াদত বিশ্বৰ মুছলমান দেশৰ নেতাসকলৰ এক বৃহৎ সন্মিলন বৈঠকত গাজাত তাৎক্ষণিক যুদ্ধবিৰতি আৰু পেলেষ্টাইন সমস্যা সমাধানৰ দাবী উত্থাপন কৰা হৈছিল। এই নেতাসকলে ইজৰাইলক সমালোচনা কৰি গাজাত আক্ৰমণৰ শীঘ্ৰে অন্ত পেলাবলৈ আহ্বান জনায়। আনকি ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচীয়ে ইজৰাইললৈ তেলৰ যোগান বন্ধ কৰাৰ দাবী উত্থাপন কৰে। কিছুমান দেশে ইজৰাইল আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়ায়।
এই বৈঠকত ইছলামিক সহযোগিতা সংস্থাৰ উপৰিও আৰব লীগ দেশৰ নেতাসকলেও অংশগ্ৰহণ কৰে। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে পেলেষ্টাইনী কাফিয়া পিন্ধি আহি উপস্থিত হয়। তেওঁৰ উপৰিও এই বৈঠকত তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টৈয়েপ এৰদোগান, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাতাহ আল চিছি, চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমান, ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ, জৰ্ডানৰ ৰজা, পেলেষ্টাইন কৰ্তৃপক্ষৰ মুৰব্বী মাহমুদ আব্বাছ আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডো আৰু কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি চেডী জাপাৰোভ প্ৰমুখ্যে বিশিষ্টশখ উপস্থিত আছিল। সন্মিলনখন উদ্বোধন কৰে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
