নতুন দিল্লী, ১১ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু এনচিআৰত চৰকাৰে যি কাম কৰিব নোৱাৰিলে, সেয়া প্ৰকৃতিয়ে মাত্ৰ ২৪ ঘণ্টাত কৰিলে। আজি (শনিবাৰ) পুৱা সামগ্ৰিক বায়ুৰ গুণাগুণ সূচকাংক (একিউআই)ত বৃহৎ উন্নতি হৈছে। প্ৰকৃতিক প্ৰত্যাহ্বান জনাই কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰাৰ কথাৰ মাজতে স্বাভাৱিক বৰষুণে স্বয়ং দিল্লী-এনচিআৰত কুণ্ডলী পকাই থকা প্ৰদূষণৰ কৰাল ৰূপ নাশ কৰি পেলাইছে। প্ৰকৃতিয়ে এনেকুৱা কাম কৰিলে যে মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ একিউআই ১৫৮ পইণ্ট হ্ৰাস পালে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি শনিবাৰে পুৱা দিল্লী-এনচিআৰত বায়ুৰ গুণাগুণ ২২৪ লৈ হ্ৰাস পায়। এয়া শুকুৰবাৰে ৪০০ৰ ওপৰত আছিল।
দুদিন পূৰ্বে বৃহস্পতিবাৰে দিল্লীৰ বায়ু ‘গুৰুতৰ’ শিতানত আছিল। পিছদিনা শুকুৰবাৰে ই দুটা স্থান পিছলি ‘দুৰ্বল’ শিতানত উপনীত হয়। ৰাতিপুৱা মানুহে সাৰ পাই উঠি বাহিৰৰ দৃশ্য যেন সলনি হৈ যোৱা প্ৰত্যক্ষ কৰে। এসপ্তাহ ধৰি বিষাক্ত বতাহ উশাহ লোৱা নাগৰিকসকলে লঘু টোপালৰ মাজত পৰিষ্কাৰ বতাহ পালে।দিনটোৰ ভিতৰতে মাজে মাজে বৰষুণ অব্যাহত থাকিল। ইয়াৰ বাবে বায়ুমণ্ডলত উপস্থিত থকা প্ৰদূষক কণাবোৰ বহু পৰিমাণে ধুই পেলোৱা হৈছিল।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি আজি পুৱা দিল্লীৰ আনন্দ বিহাৰত ২৮২, আৰ কে পুৰমত ২২০, পাঞ্জাবী বাগত ২৩৬ আৰু আই টি অ’ত ২৬৩টা একিউআই ৰেকৰ্ড কৰা হৈছে। যদিও এতিয়াও ই ‘দুৰ্বল’ শিতানত আছে। কিন্তু যোৱা ৪৮ ঘণ্টাত ইয়াৰ বৃহৎ হ্ৰাস হৈছে। এটা বেলেগ কথা যে দিল্লীৰ ১৫টা অঞ্চল এতিয়াও আছে য’ত একিউআই ৩০০ৰ ওপৰত আছে যদিও দিল্লীৰ বায়ুমণ্ডলত থকা প্ৰদূষণৰ আচ্ছাদন বহু পৰিমাণে পৰিষ্কাৰ হৈছে।
ইফালে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ বায়ুৰ গুণাগুণৰ আগতীয়া সতৰ্কবাণী ব্যৱস্থাই এই সকাহ বেছি নহয়, দুদিনহে থকাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ পিছত পুনৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দীপাৱলীৰ পিছদিনা ১৩ নৱেম্বৰৰ পৰা পুনৰ ‘গুৰুতৰ’ শিতানলৈ যোৱাৰ সম্ভাৱনা আছে। প্ৰদূষণৰ মাত্ৰাৰ এই পৰিৱৰ্তন দীপাৱলীৰ আতচবাজী আৰু ফটকাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব।
প্ৰকৃতিৰ দয়াত আনন্দিত হৈ দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে শুকুৰবাৰে সংবাদমেলত কয় যে ১৩ নৱেম্বৰৰ পৰা যুগ্ম-অযুগ্ম (অড-ইভেন) কাৰ্যকৰী নহ’ব। বৰষুণৰ বাবে দিল্লীৰ পৰিৱেশৰ যথেষ্ট উন্নতি হৈছে। একিউআইও যথেষ্ট হ্ৰাস পাইছে। বতাহৰ গতি বৃদ্ধিৰ বাবে আগন্তুক এদিন বা দুদিনত আৰু কমি যাব পাৰে। যুগ্ম-অযুগ্মৰ সিদ্ধান্ত দেৱালীৰ পিছৰ পৰিস্থিতি লক্ষ্য কৰিহে লোৱা হ’ব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
