নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টীয়ে শুকুৰবাৰে আগন্তুক তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে ইয়াৰ পঞ্চম খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। ইয়াত ১৪ জন প্ৰাৰ্থীৰ নাম আছে, যাৰ ভিতৰত আছে আলমপুৰৰ এগৰাকী মহিলা মিৰাম্মা। এতিয়ালৈকে, বিজেপিয়ে ৰাজ্যখনৰ ১১৯ খন আসনৰ বাবে ১১৪ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বৃহস্পতিবাৰে, কংগ্ৰেছেও ইয়াৰ সকলো প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ১১৯ জনীয়া বিধানসভাৰ নিৰ্বাচন ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব।
বিজেপিৰ পঞ্চম তালিকাত পেড্ডাপল্লীৰ দুগ্য প্ৰদীপ, সংগাৰেড্ডীৰ পৰা দেশপাণ্ডে ৰাজেশ্বৰ ৰাও, মেডচলৰ পৰা য়েনিগু সুদৰ্শন ৰেড্ডী, মালকাজগিৰিৰ পৰা ৰামচন্দ্ৰ ৰাও, চেৰিলিঙ্গমপল্লীৰ পৰা ৰবি কুমাৰ যাদৱ, নামপল্লীৰ ৰাহুল চন্দ্ৰ, চেকেন্দ্ৰাবাদ সেনানিবাসৰ গণেশ নাৰায়ণ, নৰসমপেটৰ পৰা পুল্লা ৰাও আৰু মাধিৰাৰ পৰা পেৰুমাৰ বিজয়পল্লী ৰাজু অন্তৰ্ভূক্ত হৈছে।
হিন্দুস্থান সমাচাৰ/বিজয়লক্ষ্মী/অৰৱিন্দ/মনোজ
