গুৱাহাটী, ১০ নৱেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰীত কৃষি বিভাগত কৰ্মৰত এগৰাকী কনিষ্ঠ অভিযন্তাক অপহৰণৰ সৈতে জৰিত দুই অপহৰণকাৰীক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী। দুই অপহৰণকাৰীক জেচিম আলি আৰু আনিচ আলি বুলি চিনাক্ত কৰা হৈছে।
কৃষি বিভাগৰ কনিষ্ঠ অভিযন্তা লাচিত বড়োৰ অপহৰণৰ সৈতে জৰিত আছিল উক্ত দুই অপহৰণকাৰী। আৰক্ষী সুত্ৰে জানিব পৰা অনুসৰি কনিষ্ঠ অভিযন্তা গৰাকীক অপহৰণ কৰি ধন দাবী কৰিছিল উক্ত দুই অপহৰণকাৰীয়ে। বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ
