ধুবুৰী, ১০ নৱেম্বৰ (হি.স.): ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙৰ সমীপৰ পৰা বৃহস্পতিবাৰে আবেলি আৰক্ষীৰ এক অভিযানত বৃহৎ পৰিমাণৰ নকল ভাৰতীয় টকাসহ দুজনকৈ নকল নোট সৰবৰাহকাৰীক কলেজ নগৰ আৰক্ষয়ে আটক কৰিছে । গোপন এক তথ্যৰ ভিত্তিত আজি ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল দাসৰ নেতৃত্বত নিৰ্মীয়মান সেই দলংখনৰ সমীপৰ এটা অঞ্চলত আৰক্ষীৰ এটি দলে অভিযান চলাইছিল।
অভিযান কালত দলটোৱে দুজন ব্যক্তিৰ পৰা ৯৯ হাজাৰ নকল ভাৰতীয় টকা উদ্ধাৰ কৰে। ধৃত সেই ব্যক্তি দুজন দক্ষিণ শালমাৰাৰ ফুলকাকাটা তৃতীয় খণ্ডৰ হজৰত আলী আৰু মকছেদ আলী বুলি প্ৰকাশ পাইছে। উল্লেখ্য যে, আগন্তুক কালীপূজা আৰু দীপাৱলীৰ আগে আগে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ নকল ভাৰতীয় টকা উদ্ধাৰ হোৱাটো বিশেষ তাৎপৰ্য্যবাহী ৰূপে পৰিগণিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
