
গুৱাহাটী, ০৯ নৱেম্বৰ, (হি.স)। গো-সৰবৰাহৰ ট্ৰেনজিত পইণ্টত পৰিণত হৈ পৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰক্ষীৰ অভিযানত নিতৌ জব্দ হৈছে সৰু-বৰ গৰুভৰ্তি বাহন । লগতে জালত পৰিছে গো সৰবৰাকাৰী। এইবাৰ পুনৰ আৰক্ষীৰ জালত পৰিল তিনিজনকৈ গো-মাফিয়া ।
যোৰাবাট আৰক্ষীয়ে যোৰাবাট তিনিআলিৰ পৰা গ্ৰেপ্তাৰ কৰিলে নগাঁও ৰূপহীৰ আনোৱাৰ হুছেইন, আফজাৰুল ৰহমান আৰু বাহাৰুল ইছলাম নামৰ তিনি গো-মাফিয়াক। এই তিনি গো মাফিয়াই কৌশলেৰে গৰু ভৰ্তি বাহন বিভিন্নজনক মেনেজ কৰি পাৰ কৰাই আহিছিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চামগুৰিৰ পৰা মেঘালয়লৈ।
যোৱানিশাও এখন গো-ভৰ্তি বাহন এনেদৰে পাৰ কৰোৱাৰ সময়তে যোৰাবাট আৰক্ষীৰ জালত পৰে এই তিনি গো-মাফিয়া। তিনি গো মাফিয়াৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল আৰু পাৰ্চ জব্দ কৰিছে। ক’ত কেনেদৰে অবৈধ গো সৰবৰাহৰ চিণ্ডিকেট চলোৱা হৈছে সেই সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ
