নগাঁও, ০৯ নৱেম্বৰ(হি.স.)। মাধ্যম আন্দোলনৰ পঞ্চম গৰাকী শ্বহিদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰত অনুষ্ঠিত হৈছে সদৌ অসম একাংক নাট প্ৰতিযোগিতা। বিগত বৰ্ষ সমূহৰ দৰেই এই বৰ্ষতো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে শ্বহীদ দিৱসৰ।
শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৩৬ সংখ্যক সদৌ অসম নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৫ টাতকৈ অধিক নাট্য দলে অংশগ্ৰহণ কৰে। অসমৰ বিশিষ্ট অভিনেতা, চলচ্চিত্ৰ পৰিচালক প্ৰদীপ হাজৰিকাই উদ্ধোধন কৰে এই একাংক নাট প্ৰতিযোগিতা। প্ৰতিযোগিতাত জ্যোতি শিল্প, পুৰণি গুডামৰ ”বলুকাত বিয়লি বেলা” নাটখনে শ্ৰেষ্ঠতাৰ সন্মান লাভ কৰে। নটতীৰ্থ, গুৱাহাটীৰ নাটক ”চেণ্ডেল” দ্বিতীয়, জেংৰাই, অসমৰ নাটক ”দিগনিতি অফ লেবাৰ” তৃতীয় আৰু গামোছা, বিশ্বনাথ চাৰিআলিৰ নাটক ”জখলা” চতুৰ্থ শ্ৰেষ্ঠ বিবেচিত হয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
