ছানী দেউলৰ ছবি ‘গদৰ-২’ই বক্স অফিচত বিপুল ধন উপাৰ্জন কৰে। এই ছবিখনে পাঁচশ কোটিৰো অধিক উপাৰ্জন কৰিছে। ইয়াৰ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ পৰিচালক অনিল শৰ্মা এই মুহূৰ্তত শিৰোনামত আছে। অনিল শৰ্মাই তেওঁৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰিছে। ‘গদৰ-২’ৰ অপৰিসীম সফলতাৰ পাছত অনিল শৰ্মাই ঘোষণা কৰিছে তেওঁৰ পৰৱৰ্তী ছবি ‘জাৰ্নি’। ২২ বছৰৰ পাছত ছানী দেওল আৰু অমীছা পেটেলৰ সৈতে বক্স অফিচত বিপুল হিট ছবি দি বক্স অফিচত এক সুকীয়া ইতিহাস ৰচনা কৰে অনিল শৰ্মাই। অনিল শৰ্মাৰ আগন্তুক ছবিখনলৈ এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে দৰ্শক।
মঙলবাৰে তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়াত তেওঁৰ আগন্তুক ছবি জাৰ্নিৰ কথা ঘোষণা কৰিছে। অনিল শৰ্মাই নিজৰ পোষ্টত লিখিছে, ‘গদৰ-২ৰ সফলতাৰ পিছত আমি বাবা কাশী বিশ্বনাথৰ আশীৰ্বাদত আমাৰ পৰৱৰ্তী যাত্ৰা আৰম্ভ কৰিছো।’ এই ফটোখনত দেখা গৈছে অভিনেতা নানা পাটেকাৰ আৰু উৎকৰ্ষ শৰ্মাক। এই ছবিখনত নানা পাটেকাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বাকী থকা শিল্পীসকলৰ বিষয়ে তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। ২২ বছৰৰ পাছত অনিল শৰ্মাই ‘গদৰ: ২’ৰ জৰিয়তে এখন বিশাল হিট ছবি আগবঢ়ায়। ইয়াৰ পূৰ্বে অনিলে পৰিচালনা কৰিছে ‘গদৰ এক প্ৰেম কথা’, ‘জিনিয়াছ’ আৰু ছলমান খানৰ ”বীৰ” ছবি। এতিয়া দৰ্শকে তেওঁৰ আগন্তুক জাৰ্নিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
